বৰষুণত বার্তালাপ



(Photo : Internet)

প্রস্তাৱনা : ১ ডিচেম্বৰ । পুৱা আৰম্ভ হৈছিল সেই প্রথমজাক বৰষুণ । তাৰ পিছৰ ইজাকৰ পিছত সিজাক ধাৰাসাৰ বৰষুণে চেন্নাই মহানগৰীখনক বিৱশ কৰি পেলাইছিল । আমি আৱদ্ধ হৈ পৰিছিলো নিজৰ নিজৰ ঘৰত । বাঢ়ি অহা পানীৰ বাবে বিজুলী-টেলিফোন-ম’বাইল সকলো সংযোগ বিচ্চিন্ন হৈ গৈছিল । কথা পাতিবলৈ মাথো লগত আছিল এজাক বৰষুণ । এইয়া সেই কথোপকথন ।


***


অলসতাৰ বিমগ্নতাত মুগ্ধ মনটো শেতেলীৰ স্বাচ্ছন্দ্যতাত আপ্লুত হৈ আছিলউপলব্ধিবোৰ কিলবিলাই ফুৰিছিল মস্তিষ্কৰ সৰু-বৰ পথ-উপপথবোৰেদিচহৰখনৰ কৃত্রিম আভিজাত্যৰ দাম্ভিকতাক উপহাস কৰি দুর্ব্বল অংশবোৰত কিছুদিনৰ পৰা জপিয়াই পৰিছিলহি আকাশত ওলমি ফুৰা এদল পৰিভ্রমী কলীয়া ডাৱৰ

 
চহৰখন অস্বাভাৱিকভাৱে শান্ত হৈ পৰিছিল

 
সংপৃক্ত এন্ধাৰবোৰ সহজলভ্য হৈ পৰিছিল আৰু সমবেদনাৰে সাৱটি আছিল সৰু-বৰ, ওখ-চাপৰ সকলোবোৰ ডাৱৰমুখী দালানবিজুলীবাতিৰ অনুপস্থিতিসিক্ত এন্ধাৰখিনিৰ মায়াময় বন্ধনত আৱদ্ধ হৈ দুয়োহাতৰ বাউসীৰে শিতান সাজি পৰি আছিলো তেতিয়া চাৰিবেৰৰ মাজত থাকিব পৰা নিস্তব্ধতাখিনিক উপভোগ কৰিসাগৰৰ দাঁতিৰ পৰা বোৱা বতাহজাকত ঘৰৰ কাষৰ নিমজোপাই হালি-জালি যেন প্ৰতীয়মান কৰিব বিচাৰিছিল নিঃশব্দতাৰ হাতোৰাত আৱদ্ধ শব্দৰ জীৱন্ত স্থিতি...। সময়ৰ গতিশীলতাক সোৱঁৰাই আছিল কোঠাটোত জ্বলি থকা মমবাতিডালৰ খহি খহি গৈ থকা শৰীৰটোৱে

 

তেনেতে খিড়ীকিত পৰা কেইটামান অতিৰিক্ত মৃদু টোকৰে কল্পবিলাসী উন্মাদনাৰ মুক্তপথৰ পৰা বাস্তৱিকতাত মোৰ অৱতৰন কৰালেসময়ৰ মাপকঠিৰ আৱশ্যকীয়াতক প্রাধান্য নিদি কাঁচৰ খিড়ীকিৰ ফাঁকেৰে সোমাই আহি মোৰ বুকুৰ কোনো এক উদং স্থানত স্পর্শ কৰিলে গাভৰু বৰষুণ এজাকৰ দুটিমান চঞ্চল টোপালে

 

আলস্যতাক আওকাণ কৰি খুলি দিলো খিড়ীকিখন

বৰষুণজাকে মোলৈ চাই হাঁহিলে আৰু ব্যঙ্গমিশ্রিত সুৰেৰে সুধিলেউপভোগ কৰিছানে অনুতাপ কৰিছা!”

ব্যংগতাক আওকাণ কৰি প্রচুৰ আত্মবিশ্বাসেৰে লো – “নিৰৱতা মোৰ প্রথম প্রেয়সী

উত্তৰটোত যেন আনন্দিত নহ বৰষুণজাক আকৌ সুধিলে – “তেনেহলে এন্ধাৰখিনিৰ বাবে নিশ্চয় অনুতাপ কৰিছা !”

মই একেই আত্মবিশ্বাসেৰে লো – “নিৰৱ এন্ধাৰ মোৰ প্রাক্তন প্রেয়সী”। উত্তৰৰ শেষত ওঁঠজুৰিত জীয়াই ৰাখিলো ধেনুভীৰিয়া এটি উজ্জ্বল হাঁহি

বৰষুণজাকে যেন তিক্ততাৰ স্বাদহে অনুভৱ কৰিলেভ্ৰূ কোচাই সুধিলেবহুগামী তুমি?”

মই সশব্দে হাঁহি লোনহয়, ব্যক্তিত্ব ভিন্নতাৰ দুর্বলতা গ্রস্ত উন্মাদ প্ৰেমিক” ।

উত্তৰত বৰষুণ জাকে উচ্চ ব্যঙ্গাতম হাঁহিৰে সুধিলেতেনে তোমাৰ বর্ত্তমানৰ প্রেয়সী?”

যান্ত্রিকতা” – মই লো

শেষৰ উত্তৰত হয়তো বৰষুণ জাকে মোক কিছু বুজিলেকিছু সময় খিড়ীকিৰ কাষত নৃত্যৰতা বৰষুণজাক ৰৈ ৰৈ মোক সান্ধ্য ভ্রমণৰ প্রস্তাৱ দিলেদৰাচলতে দিনতো বন্ধ কোঠাৰ নিঃসংগতাখিনিত বুৰি থাকি ময়ো হৈ পৰিছিলো কিছু শ্রান্তপ্রস্তাৱত আমি দুয়ো হাতত ধৰি ওলাই আহিলো আলিবাটেদি, আবুৰ নোলোৱাকৈ

আমি গৈ থকা গলিটোৰ ঘৰ কিছুমানৰ কাঁচৰ খিড়ীকিয়েদি তেতিয়া মমবাতিৰ পোহৰ সৰকি আহিছিলপদুলিবোৰত জুম পাতি পাতি মানুহবোৰ ৰৈ আছিলতাৰে কিছুমানে জুমি জুমি চাইছিল আবুৰহীন মোক আৰু বৰষুণ জাককএকেই সংপৃক্ত আন্ধাৰত বুৰ গৈ আছিল গলিটোনিয়ন লাইটৰ পোহৰ নথকা আন্ধাৰ, খাঁটি আন্ধাৰমানুহৰ জুমবোৰৰ মাজত কথাই গুণগুণনি তুলিছিলমানুহবোৰে কঢ়িয়াই ফুৰা নাছিল কোনো কৃত্রিম আভিজাত্যৰ পৰিচায়ক সংযোগী যন্ত্র অথবা ধাতৱ জৰীমানুহবোৰৰ বুকুত, কথাত যেন আন্তৰিকতা লিপিত খাই আছিলপৰিভ্রমী, গোমোঠা ডাৱৰৰ বেত্রাঘাটত মানুহবোৰৰ মাজত হয়তো  জৈৱিক উত্তেজনা ভাঁহিছিলপিছে একা বেকা আলিবাটটোহে পৰি আছিল দুৰ্ব্বল, অলস হৈ পৰিভ্রমী ডাৱৰৰে হোৱা সংগমৰ শেষত

মোৰ মৌনতাই প্রৰোচিত কৰা নিঃশব্দতাক আঘাট কৰি বৰষুণ জাকে সুধিলে – “কি ভাবিছা” ?

চাইছো, জৈৱিক পুনুৰুথ্থানক” । মই উত্তৰ দিলো

বৰষুণজাকে মিচিকিয়ালে আৰু লাহে লাহে মোৰ ডিঙি আৰু দুবাহুৰ উদং খিনিত জোৰকৈ বিন্ধিবলৈ ধৰিলে

এইদৰে গৈ গৈ আমি পালোগৈ আন এটি সংলগ্ন বহল আলিবাটআলিবাটটোৰ ওপৰেৰে বৈ আছিল কণ কণ টোপালে ভীৰ কৰা এটি উদভ্রান্ত জল সমষ্টিজীৱন পুষ্ট মানুহবোৰে তাৰ লগত যুঁজি আছিল, তাত ককবজাইছিল, খুপি খুপি খোজ দিছিল, ইজনে আনজনৰ বাবে সহগামী হৈছিল

মই তীক্ষ্ণ দৃষ্টিৰে বৰষুণজাকক চালোচকুত চকুপৰাত মোৰ চাৱনিৰ অর্থত লজ্জিত হৈ বৰষুণজাক কোবাকোবিকৈ ৰাস্তাটোৰ সিটো পাৰলৈ গুছি , মোক এৰিথৈ

কিছুসময় তাতে সেইদৰেই ৰৈ থাকিলো আন্ধাৰ খিনিক আলিংগণ কৰিৰৈ ৰৈ বৰষুণজাক উভটি নহা দেখি নিঃশব্দতাৰ অৰণ্যলৈ উভটিভ ওলালোঅহাৰ আগেয়ে গলিটোৰ সিটো পাৰলৈ চাই মুখতে গুনগুনালো – “বিদায় বৰষুণ, বিদায়” ।।





(Published - Niyomiya Barta - 11 Dec-15)

1 comment:

সচ্চিদানন্দ said...

অভিজ্ঞতাৰ সুন্দৰ প্ৰকাশ