বিষয় : মৃত্যুদূতেৰে কথোপকথন


অভ্যস্ত জীৱনৰ কোনো এক উদ্যমহীন মূহুৰ্ত্তত
বিলাসী সপোনৰ এজন প্ৰাক্তন গ্ৰাহকে
মাতি পঠালে মৃত্যুৰ কিনা-বেচা কৰা এজন পুৰণি দালালক
বুজ লব’লৈ বুলি সেই সময়ৰ উচিত মৃত্যুৰ দাম ।
মৃত্যুদূতে স্বভাৱসুলভ কায়দাৰে উলিয়াই গ’ল
ইটোৰ পিছত সিটোকৈ বিভিন্ন “দেথ পেকেজ” ।
যদিওবা সপোন বিলাসী সেই প্ৰাক্তন গ্ৰাহকৰ
পূৰ্ব নিৰ্ধাৰিত মৃত্যুৰ মূল্য আছিল মাথো ৫ টকা
যাক ৫০ লাখ টকা পৰ্য্যন্ত উৰ্ধগামী কৰিবলৈ
হেচা প্ৰয়োগ কৰিছিল মৃত্যুদূতৰূপী বিষয়া জনৰ ওপৰত ।
মিডিয়া-টক শ্ব’-৫ বছৰীয়া স্মৃতি দিৱস-আৱক্ষ মূৰ্ত্তি নিৰ্মাণ
ইত্যাদিক অন্তৰ্ভূক্ত কৰাৰ পিছত
মৃত্যদূতে দি গৈছিল সাম্ভৱ্য মৃত্যুৰ দুটিমান
আনুমানিক প্ৰেক্ষাপত ।
তাৰ ভিতৰত আতঁতায়ীৰ গুলীত মৃত্যু,
ভুল চিকিৎসাৰ বলি হৈ মৃত্যু,
আন্দোলনকাৰীৰ সমদলত মৃত্যু আদিয়েই আছিল প্ৰধান ।
বিলাসী সপোনৰ প্ৰাক্তন গ্ৰাহকে সাম্ভাৱ্য “গ্লেমাৰিয়াছ” মৃত্যুৰ বাবে
প্ৰয়োজন হ’ব পৰা ধনৰ হিচাপ কৰিলে,
মৃত্যুদূতে সময় দিলে ১০ বছৰ ।
অলপ বেছি সময়ৰ বাবে চলিল কিছুপৰ দৰদাম ।
ঠিক উদ্যমৰ ৰঙাবেলিৰ উপস্থিতিৰ আগে আগে
মৃত্যুদূতে বিদায় ল’লে,
সপোনবিলাসী প্ৰাক্তন প্ৰেমিকৰ হস্তাক্ষৰ সহ
হাতত লৈ গ’ল ৫০ লাখ মৃত্যুবীমাৰ অনুলিখিত দলিল !!

No comments: