প্রস্তাৱনা : ১ ডিচেম্বৰ । পুৱা আৰম্ভ হৈছিল সেই প্রথমজাক
বৰষুণ । তাৰ পিছৰ ইজাকৰ পিছত সিজাক ধাৰাসাৰ বৰষুণে চেন্নাই মহানগৰীখনক বিৱশ কৰি
পেলাইছিল । আমি আৱদ্ধ হৈ পৰিছিলো নিজৰ নিজৰ ঘৰত । বাঢ়ি অহা পানীৰ বাবে
বিজুলী-টেলিফোন-ম’বাইল সকলো সংযোগ বিচ্চিন্ন হৈ গৈছিল । কথা পাতিবলৈ মাথো লগত আছিল
এজাক বৰষুণ । এইয়া সেই কথোপকথন ।
***
অলসতাৰ বিমগ্নতাত মুগ্ধ মনটো শেতেলীৰ স্বাচ্ছন্দ্যতাত আপ্লুত হৈ আছিল । উপলব্ধিবোৰ কিলবিলাই ফুৰিছিল মস্তিষ্কৰ সৰু-বৰ পথ-উপপথবোৰেদি । চহৰখনৰ কৃত্রিম আভিজাত্যৰ দাম্ভিকতাক উপহাস কৰি দুর্ব্বল অংশবোৰত কিছুদিনৰ পৰা জপিয়াই পৰিছিলহি আকাশত ওলমি ফুৰা এদল পৰিভ্রমী কলীয়া ডাৱৰ ।
চহৰখন অস্বাভাৱিকভাৱে শান্ত হৈ পৰিছিল ।
সংপৃক্ত এন্ধাৰবোৰ সহজলভ্য হৈ পৰিছিল আৰু সমবেদনাৰে সাৱটি আছিল সৰু-বৰ, ওখ-চাপৰ সকলোবোৰ ডাৱৰমুখী দালান । বিজুলীবাতিৰ অনুপস্থিতিসিক্ত এন্ধাৰখিনিৰ মায়াময় বন্ধনত আৱদ্ধ হৈ দুয়োহাতৰ বাউসীৰে শিতান সাজি পৰি আছিলো তেতিয়া চাৰিবেৰৰ মাজত থাকিব পৰা নিস্তব্ধতাখিনিক উপভোগ কৰি । সাগৰৰ দাঁতিৰ পৰা বোৱা বতাহজাকত ঘৰৰ কাষৰ নিমজোপাই হালি-জালি যেন প্ৰতীয়মান কৰিব বিচাৰিছিল নিঃশব্দতাৰ হাতোৰাত আৱদ্ধ শব্দৰ জীৱন্ত স্থিতি...। সময়ৰ গতিশীলতাক সোৱঁৰাই আছিল কোঠাটোত জ্বলি থকা মমবাতিডালৰ খহি খহি গৈ থকা শৰীৰটোৱে ।
তেনেতে খিড়ীকিত পৰা কেইটামান অতিৰিক্ত মৃদু টোকৰে কল্পবিলাসী উন্মাদনাৰ মুক্তপথৰ পৰা বাস্তৱিকতাত মোৰ অৱতৰন কৰালে । সময়ৰ মাপকঠিৰ আৱশ্যকীয়াতক প্রাধান্য নিদি কাঁচৰ খিড়ীকিৰ ফাঁকেৰে সোমাই আহি মোৰ বুকুৰ কোনো এক উদং স্থানত স্পর্শ কৰিলে গাভৰু বৰষুণ এজাকৰ দুটিমান চঞ্চল টোপালে ।
আলস্যতাক আওকাণ কৰি খুলি দিলো খিড়ীকিখন ।
বৰষুণজাকে মোলৈ চাই হাঁহিলে আৰু ব্যঙ্গমিশ্রিত সুৰেৰে সুধিলে “উপভোগ কৰিছানে অনুতাপ কৰিছা!”
ব্যংগতাক আওকাণ কৰি প্রচুৰ আত্মবিশ্বাসেৰে ক’লো – “নিৰৱতা মোৰ প্রথম প্রেয়সী”
উত্তৰটোত যেন আনন্দিত নহ’ল বৰষুণজাক । আকৌ সুধিলে – “তেনেহ’লে এন্ধাৰখিনিৰ বাবে নিশ্চয় অনুতাপ কৰিছা !”
মই একেই আত্মবিশ্বাসেৰে ক’লো – “নিৰৱ এন্ধাৰ মোৰ প্রাক্তন প্রেয়সী”। উত্তৰৰ শেষত ওঁঠজুৰিত জীয়াই ৰাখিলো ধেনুভীৰিয়া এটি উজ্জ্বল হাঁহি ।
বৰষুণজাকে যেন তিক্ততাৰ স্বাদহে অনুভৱ কৰিলে । ভ্ৰূ কোচাই সুধিলে “বহুগামী তুমি?”
মই সশব্দে হাঁহি ক’লো “নহয়, ব্যক্তিত্ব ভিন্নতাৰ দুর্বলতা গ্রস্ত উন্মাদ প্ৰেমিক” ।
উত্তৰত বৰষুণ জাকে উচ্চ ব্যঙ্গাতম হাঁহিৰে সুধিলে “তেনে তোমাৰ বর্ত্তমানৰ প্রেয়সী?”
“যান্ত্রিকতা” – মই ক’লো ।
শেষৰ উত্তৰত হয়তো বৰষুণ জাকে মোক কিছু বুজিলে । কিছু সময় খিড়ীকিৰ কাষত নৃত্যৰতা বৰষুণজাক ৰৈ ৰৈ মোক সান্ধ্য ভ্রমণৰ প্রস্তাৱ দিলে । দৰাচলতে দিনতো বন্ধ কোঠাৰ নিঃসংগতাখিনিত বুৰি থাকি ময়ো হৈ পৰিছিলো কিছু শ্রান্ত । প্রস্তাৱত আমি দুয়ো হাতত ধৰি ওলাই আহিলো আলিবাটেদি, আবুৰ নোলোৱাকৈ ।
আমি গৈ থকা গলিটোৰ ঘৰ কিছুমানৰ কাঁচৰ খিড়ীকিয়েদি তেতিয়া মমবাতিৰ পোহৰ সৰকি আহিছিল । পদুলিবোৰত জুম পাতি পাতি মানুহবোৰ ৰৈ আছিল । তাৰে কিছুমানে জুমি জুমি চাইছিল আবুৰহীন মোক আৰু বৰষুণ জাকক । একেই সংপৃক্ত আন্ধাৰত বুৰ গৈ আছিল গলিটো । নিয়ন লাইটৰ পোহৰ নথকা আন্ধাৰ, খাঁটি আন্ধাৰ । মানুহৰ জুমবোৰৰ মাজত কথাই গুণগুণনি তুলিছিল । মানুহবোৰে কঢ়িয়াই ফুৰা নাছিল কোনো কৃত্রিম আভিজাত্যৰ পৰিচায়ক সংযোগী যন্ত্র অথবা ধাতৱ জৰী । মানুহবোৰৰ বুকুত, কথাত যেন আন্তৰিকতা লিপিত খাই আছিল । পৰিভ্রমী, গোমোঠা ডাৱৰৰ বেত্রাঘাটত মানুহবোৰৰ মাজত হয়তো জৈৱিক উত্তেজনা ভাঁহিছিল । পিছে একা বেকা আলিবাটটোহে পৰি আছিল দুৰ্ব্বল, অলস হৈ পৰিভ্রমী ডাৱৰৰে হোৱা সংগমৰ শেষত ।
মোৰ মৌনতাই প্রৰোচিত কৰা নিঃশব্দতাক আঘাট কৰি বৰষুণ জাকে সুধিলে – “কি ভাবিছা” ?
“চাইছো, জৈৱিক পুনুৰুথ্থানক” । মই উত্তৰ দিলো ।
বৰষুণজাকে মিচিকিয়ালে আৰু লাহে লাহে মোৰ ডিঙি আৰু দুবাহুৰ উদং খিনিত জোৰকৈ বিন্ধিবলৈ ধৰিলে ।
এইদৰে গৈ গৈ আমি পালোগৈ আন এটি সংলগ্ন বহল আলিবাট । আলিবাটটোৰ ওপৰেৰে বৈ আছিল কণ কণ টোপালে ভীৰ কৰা এটি উদভ্রান্ত জল সমষ্টি । জীৱন পুষ্ট মানুহবোৰে তাৰ লগত যুঁজি আছিল, তাত ককবজাইছিল, খুপি খুপি খোজ দিছিল, ইজনে আনজনৰ বাবে সহগামী হৈছিল ।
মই তীক্ষ্ণ দৃষ্টিৰে বৰষুণজাকক চালো । চকুত চকুপৰাত মোৰ চাৱনিৰ অর্থত লজ্জিত হৈ বৰষুণজাক কোবাকোবিকৈ ৰাস্তাটোৰ সিটো পাৰলৈ গুছি গ’ল, মোক এৰিথৈ ।
1 comment:
অভিজ্ঞতাৰ সুন্দৰ প্ৰকাশ
Post a Comment