বৰষুণৰ ভাবুকিৰে পুৱাৰ
পৰাই আকাশ খনে
সপ্তাহৰ শেষৰ
দিনটোক গোমোঠা কৰি ৰাখিছিল
এটা আবেলি
হেৰুওৱাৰ অপৰাধবোধ গাত মেৰিয়াই
তেতিয়া মই এম.জি.ৰোডেদি
গৈ আছিলো,
অলসতাবোধক আওকান
কৰি
সাগৰ খনক এবাৰ লগ
কৰি অহাৰ সংকল্পৰে ।
শেষ হৈ যাব খোজা
এটা আবেলি,
য’ত থাকিল হয়
লহিয়াই লহিয়াই
ডুবি যাব খোজা এটা চঞ্চল বেলি,
বেলিৰ পৰশত সেন্দুৰ
বৰণ ল’ব খোজা
অলপ নীলা নাঙঠ পানী
আৰু...........................................
টীইই...........................ইইট........!!
এটা কৰ্কশ যন্ত্ৰৰ
শব্দই তেনেতে নিঠৰ কৰি থৈ গুছি গ’ল
সপোনমুখী হ’ব খোজা
মোৰ অলপ অনুভৱৰ ভৱিষ্যতক ।
তেতিয়াহে মই যেন
সাৰ উঠিলো
আৰু দেখিলো
গোটেই ৰাস্তাটোত
যন্ত্ৰবোৰে কিলবিলাই ফুৰিছে,
কোনোবাটো
দুঠেঙীয়া,কোনোবাটো চাৰিঠেঙীয়া
আৰু আন কোনোবাটো
আকৌ তিনি ঠেঙীয়া ।
মানুহৰ পিছে-পিছে
চোঁচা মাৰি গৈছে যন্ত্ৰবোৰে,
কৰ্কশ শব্দ কৰি, ভয়
দেখুৱাই খেদি পঠাইছে মানুহবোৰক
ৰাজপথৰ পৰা ।
মানুহবোৰ দৌৰিছে
নে যন্ত্ৰবোৰে খেদিছে ???
ভয় লাগিছিল,
যন্ত্ৰৰ পৃথিৱীত মানৱীয়তাৰ অনুপস্থিতিত।
হঠাৎ তেনেতে অলপ
দূৰৈত এমখা যন্ত্ৰই
জুম পাতি ধৰা
দেখিলো ।
দৌৰি গ’লো
সেইফালে, সাহসেৰে ।
সৌটো দেখোন এটা মানুহ !!
সময়ে চেপি চেপি
কুঁজা কৰি পেলোৱা
সোতোৰা চালৰ এটা
মলিয়ন বস্ত্ৰধাৰী মানুহ ।
মানুহটোৱে
যন্ত্ৰবোৰক ভেঙুচালি কৰি
ৰাস্তাটোৰ ইপাৰৰ
পৰা সিপাৰলৈ
লাহে লাহে খোজ
কাঢ়ি আহি আছিল ।
মানুহটোৰ সাহস আৰু
স্ব-নিৰ্ভৰশীলতাত
যন্ত্ৰবোৰ খঙত
পাগল হৈ গৈছিল আৰু
অকলশৰীয়া মানুহটোক
ঘেৰি ধৰি
যন্ত্ৰবোৰে চিঞৰ,
মলিয়ন ধোৱাঁৰে চৌকাশ কপাই দিছিল ।
যান্ত্ৰিকতাৰ
ভিতৰত থকা মানৱীয়তা বিলাক
তেতিয়া হয়তো কোনো
কামৰেই উপযোগী নাছিল ।
বৰষুণৰ ভাবুকি
দিয়া আকাশ খনেও তেনেতে
মানৱীয়তাৰ পৰাজয়ত
এটুপি চকুলো টুকিছিল ।
তেতিয়ালৈ সাগৰৰ
পাৰৰ মানুহবোৰক প্ৰতিবিম্ব যেন দেখাইছিল ।
(-ইন্দুকল্প-২ আগষ্ট – ২০১৪)
No comments:
Post a Comment