আউঁসীৰ জোন..













পথাৰ এখনৰ ভৱিষ্যতক লৈ
আকাশখনে কিয় চিন্তা নকৰে !
যিদিনা মই পথাৰ হৈ ৰ'লো
সেইদিনা তুমি মোক আকাশ হৈ চাই আছিলা ।
টোপনি চিন্তাৰ ধোঁৱা হৈ উৰি উৰি গুচি গৈছিল,
জোনাকী জাকে খিড়ীকিৰে জুমি চাইছিল,
হৃদয়ত যে তেতিয়া আউঁসী
জোন জনীয়ো সেইদিনা অচিনাকী হৈ গৈছিল ।
মোৰ নিদ্ৰাৰ চাবি-কাঠি কেতিয়াযে তোক দিলো
গমেইচোন নাপালো,
আকৌ এবাৰলৈ সৰু হৈ গ'লো,
ক'ব নোৱাৰা কৈয়ে
এতিয়া মোক ডাঙৰ কৰি দেহি আকাশ...।
মলয়াৰ আচলত বান্ধি পঠাম নেকি বতৰা ....-
"মৰমৰ জোন,
হৃদয়ৰ চুবুৰীত তুমি নোহোৱাৰ আন্দোলন,
প্ৰতিটো আলিবাট আজি ক্লান্ত
তোমাৰ পোহৰৰ ফুলজাৰিয়ে শব্দময়ী কৰা
প্ৰতিটো খোটালিয়ো নিস্তব্ধ,
ৰৈ আছো তথাপিও
আহিবা বুলি
হৃদয় দৃঢ়-প্ৰতিজ্ঞ....।।।"

2 comments:

Taruni said...

ধুনীয়া কবিতা, ইন্দু।

সচ্চিদানন্দ said...

সুন্দৰ