! বজাৰ !


অনুভৱৰ বজাৰলৈ আজি
হৰ্ষ আনিছো,
সোৱঁৰণীয়ে বেচিছে
আৰু বৰ্ত্তমানে কিনিছে...!
অনুভৱৰ বজাৰলৈ
যিদিনা বেদনাবোৰ আনো
তেতিয়াও সোৱঁৰণীয়ে বেছে,
পিছে কিনোতাৰ অভাৱ.....!!
তোমাৰ প্ৰেমৰ সংবিধানৰ শব্দবোৰ
খোদিত কৰি দিয়া মোৰ
হৃদয়ৰ অভিধানত,
বৰ্ত্তমানৰ গুজৱত
উদ্গীৰণ হওক "হৰ্ষ"ৰ,
বেচিব পৰাকৈ সোৱঁৰণীয়ে
ভৱিষ্যতৰ অনুভৱৰ বজাৰত....!!!
অনুভৱৰ বজাৰলৈ আজি
হৰ্ষ আনিছো,
সোৱঁৰণীয়ে বেচিছে
আৰু বৰ্ত্তমানে কিনিছে...!

No comments: