এখন “চোতাল”ৰ মৃত্যুত....


এখন চোতাল আছিল,
আহল-বহল-মুকলি পৰিসৰৰ..
সাধুকথাবোৰে জোনাক নিশা
তাতে উমলিছিল,
আহাৰ মাহৰ দুপৰীয়া
ৰবাব টেঙাবোৰে তাত
ভোকৰ জন্ম দিছিল
আৰু আঘোণত ?
আঘোণত চোতালখন
ব্যস্ত হৈ পৰিছিল
সোণালী সোণগুটি থুবাবলৈ ।
কিছু অপ্ৰয়োজনীয় বিলাসী
কংক্ৰিতে হত্যা কৰিলে চোতালখনক,
আপুনি চিনি পাইছিলনে চোতালক ??

No comments: