আঘোণ আঘোণ গোন্ধাইছে সময়.....


আজি তোমাক দেখিলো আঘোণ
কোবাকুবিকৈ গৈ আছিলা
আকাশী পথেৰে তুমি,
শাৰদীৰ আচল খহাই
সময়ে উদং কৰিব খোজা
মোৰ গাৱঁ খনলৈ
গৈ আছিলা নেকি বাৰু তুমি ?
আঘোণৰ সোণালী আচঁলৰ আৰঁত
গাভৰু কৰি তুলিবলৈ
পথাৰখনৰ সেউজ শৈশৱ !!
মাঘীয়ে লুকাই লুকাই চাই থাকিব,
দূৰৈত গাভৰু হোৱা পথাৰৰ বুকুৰ ধন ।
কাতিয়ে সোঁতোৰা পেলোৱা ভৰাঁলটোৱেও
মুখমেলি ৰৈ থাকিব,
আঘোণ আহিব, আঘোণ আহিব বুলি।
তুমি চাগৈ মোৰ গাৱঁখনলৈকে গৈছা
আকাশী পথেৰে নামি
সোণালী কৰিবলৈ বলয়,
আৰু সেয়ে চাগে আজি ইয়াত
আঘোণ আঘোণ গোন্ধাইছিল সময়......!!!!!!!

No comments: