প্ৰতাৰক


কাঠৰোকা চৰাই হৈ সি
শব্দৰ ঠোঁটেৰে খুটি খুটি
প্ৰেমৰ ঘৰ সাজে
নিস্পাপ তেজাল হৃদয়বোৰত,
আৰু এটা ধুনীয়া প্ৰেমৰ সপোনেৰে
গৰ্ভৱতী হ’বলৈ ধৰা কলিজাবোৰক
নিষ্ঠুৰভাৱে প্ৰতাৰিত কৰি সি আতৰি যায়
নতুন এখন তেজাল হৃদয় বিচাৰি

সি পাপী,
সি নিষ্ঠুৰ,
ভাৱনাৰ দাপোনত সি
লাজ লগাকৈ কুন্ধছ,
হে’ প্ৰেমৰ দেৱতা !
তাক শাস্তি দিয়ক
জীৱনৰ ৰাজপথত
সংঘাটৰ শিকলিৰে বান্ধি তাক
নিসংগতাৰ ফাঁচি দিয়ক ।

সি সন্ত্ৰাসিত কৰিব পাৰে
ৰঙীন হৃদয়েৰে ভৰি থকা
বহুতো সপোনৰ চহৰ,
নিস্পাপ হৃদয়বোৰক সি
সেউজীয়াৰ পথাৰ বুলি ভাবি
চুই চাব খোজে সেউজীয়াৰ উন্মাদনা ।
নপুংসক হৃদয়ে তাৰ অনুভৱ কৰিব নোৱাৰে
তেজাল কলিজাৰ বিষ,
প্ৰেমৰ বিচনিৰে মৰমৰ বা দিয়া
তাৰ বাবে যেন এক অনুৰাগ !

সি ফাগুনৰ বতাহত দেও দি উৰিব খোজে,
আকাশৰ সিমনাক পাৰ হৈ চাব খোজে
আৰু নতুনৰ পোচাকেৰে আবুৰ হৈ থাকিব খোজে ।
আপুনি যদি লগ পাব খোজে তাক
সুধি চাব পাৰে কোনোবা উচ্ছল বন্ধুৰ আদ্দাত –

“প্ৰেমিক চৰাইটো থাকে নেকি ইয়াত? 

No comments: