স্টেণ্ডাৰ্ড জিন্দেগী


ৰৱাব টেঙা এটা ঘূৰণীয়া হোৱাৰ দৰেই যদি
আপোনাৰ জীৱনো কোনো সমাজতান্ত্ৰিকৰ
(A+B)2 ফৰ্মূলাৰ আকাৰত খাপ খাই পৰিছে,
তেনেহ’লে আপুনি এজন “ভাল মানুহ” । 

আপুনি যদি কেইবাখনো ৰঙীন বুকুৰ উপন্যাস পঢ়ি
কোনোবা নিঃসগ নাবিকৰ দৰে বিভ্ৰান্তিত উটি যোৱা নাই,
তেনেহ’লে আপুনি এজন ভাল মানুহ ।

যদি আপুনি কপাহী চোলা এটা পিন্ধি
ডিচেম্বৰৰ নিশাৰ শীতৰ সৈতে দেও দি দি নামি অহা
নিয়ৰখিনিক আলিংগন কৰা নাই,
বা আপুনি যদি কবিতা পঢ়িয়েই
এটা জীৱন নষ্ট কৰি দিম বুলি কোনো সপোন দেখা নাই,
চৰাইবোৰৰ প্ৰেমত পৰি, বনৰীয়া জোনজনীৰ লগত যদি
চুপতি মৰাই যদি আপোনাৰ জীৱনৰ প্ৰধান লক্ষ্য হৈ পৰা নাই
তেনেহ’লে এতিয়াও আপুনি এজন ভাল মানুহ ।

টেক্স দিব পৰা এটা চাকৰি,
৩৫ মি:মি: ফ্ৰেমত বন্দী কৰি চাব পৰা
এটা সপোনৰ বাবে প্ৰয়োজনীয় অলপ টোপনি,
নূন্যতম প্ৰয়োজন নাথাকিলেও
নিজৰ তেজেৰে গঢ় দি লোৱা দুটামান আকৃতি,
উঃ....এয়া “ষ্টেণ্ডাৰ্ড জিন্দেগী !!”
ঘূৰণীয়া হ’ব লগা ৰৱাব টেঙাটোৰ দৰেই
আমাৰো কাহিনী......!!!
(ইন্দুকল্প)

1 comment:

moniPHUKAN said...

ৰবাব টেঙা বহুত খালো, টেঙা নে মিঠা কিনতু আজিলৈকে সঠিকৈ কব নোৱািলোঁ।
"স্টেণ্ডাৰ্ড জিন্দেগী"ও তেনেই নেকি...
টেঙা হওক মিঠা হওক খাবই লাগিব !