সুখ বেচা মানুহ


হয়...
মই আপোনাকে সুধিব খুজিছো,
কিমানডাল ধুপ কাঠিৰ বিনিময়ত
আপুনি বাৰু এখন আন্ধাৰ হৃদয়ত
এগছি সুখৰ বন্তি জ্বলাই ?
কিমানতা ৰজনী অনাহাৰে থাকিলে
আপুনি কাৰোবাৰ দুখৰ চুবুৰীত
এপাহি হাঁহিৰ খৰিকাজাই ফুলাই ?
হিচাপটো দিব নেকি মোক
আমাক অলপ সুখৰ প্ৰয়োজন হৈছে ।

আপুনি বাৰু কেতিয়াৰ পৰা কৰিছে
সুখ বিক্ৰী কৰাৰ এই বেহা ?
বেপাৰ কৰিবলৈ হেনো মূলধন লাগে,
ক’ত পালে বাৰু আপুনি ইমানবোৰ সুখ
কমদামত, একেলগে ?

শুনিছো আপুনি হেনো ফুটপাথত শোৱে ?
ৰাতি এসাঁজ খালে আনসাজ নোখোৱাকৈ থাকে?
আপুনি সুখ বচাই নেকি এইদৰে ?

পাৰিলে মোক হিচাপটো দিব সোনকালে
আমাক অলপ সুখৰ প্ৰয়োজন হৈছে ।

No comments: