ৰজনীগন্ধাৰ বেজাৰ



যোৱাকালি সন্ধ্যা তুমি কিয় নাহিলা ?
মই ৰৈ আছিলো আলিমূৰৰ আহঁতজোপাৰ তলত,
ডিচেম্বৰ মাহৰ  সন্ধিয়াৰ চেঁচা চেঁচা বতাহ
আৰু আবতৰীয়া এজাক বৰষুণে
মোক আমনি কৰি আছিল ।
মই অৱশ্যে গুৰুত্ব দিয়া নাছিলো সিহঁতৰ আমনিক,
যদিওবা মই পিন্ধা নাছিলো
হাত দীঘল চুৱেটাৰ অথবা কাণঢকা বনেট
কিয়নো মই বিশ্বাস কৰিছিলো
তোমাৰ উশাহৰ উষ্ণতা
এটা চুৱেটাৰ অথবা এখন কাণঢকা বনেটতকৈ
বেছি আৰামদায়ক ।

তোমাক যে মই কৈছিলো
চোতালৰ ৰজনীগন্ধা জোপা ফুলাৰ কথা
তোমাৰ বাবে এপাহ ৰজনীগন্ধা নিচিলো
পিছে তুমি নাহিলা ।

উভতি আহোতে বতাহ জাকে মোক
নিষ্ঠুৰ ভাবে কোবাইছিল
ডাৱৰবোৰে বাৰে বাৰে বিজুলিৰে পোহৰাই তুলিছিল চৌপাশ
উজলাই দেখুৱাবলৈ মোৰ শেঁতা পৰা মুখ,
চোতালৰ ৰজন্ধীগন্ধা জোপাই বেজাৰ কৰিছিল
নষ্ট হৈ যোৱা বাবে এপাহ ফুলৰ সৌগন্ধ ।

উদং হিয়া, এন্ধাৰ হৃদয় আৰু ডিচেম্বৰ মাহৰ চেঁচাবোৰ
যদি মোৰ আপোন হবলৈ ধৰে,
তুমি সময় উলিয়াই আহিবা এপাক
ৰজনীগন্ধা নাথাকিলেও
সুগন্ধিত কৰি থৈ যাবলৈ
আলিমূৰৰ আহঁতৰ তলৰ কোনোবা এটি

জোনাকময় গধূলি...।।।।

No comments: