ভঙা টিং- লোহা-প্লাষ্টিক ব--ট-ল........


সময় পুৱা আনুমানিক ১০-৩০ মান হ’ব । হঠাৎ ভাঁহি আহিল মাজে মাজে শুনা সেই চিনাকী চিঞৰটো – “ভঙা টিং- লোহা-প্লাষ্টিক ব--ট-ল”। সাধাৰণতেই এই চিঞৰটোৰ মগজুত প্ৰতিক্ৰিয়া ঠিক এনেকুৱা ধৰণৰ হয় – “ থাওকতে মনটোৱে ঘৰৰ চুক-কোণ বিচাৰি চায় আহে কোনোবা খিনিত কিবা বেচিব পৰা আছে নেকি” । সৌভাগ্য বা দুৰ্ভাগ্য ক্ৰমে আজিৰ এই চিঞৰটোৰ মগজুৰ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে আমাৰ ঘৰৰ গৃহস্থই বিচাৰি পালে কিছু পুৰণি পেপাৰ । গতিকে সেই “ভঙা টিং- লোহা-প্লাষ্টিক ব--ট-ল”ৰ চিঞৰৰ গৰাকীক মাতি অনা হ’ল । চিঞৰৰ গৰাকীৰ বয়স একেবাৰে সৰু । দুজন সৰু ল’ৰা,পৰোৱা চাৰিআলিৰ ফালৰ । পঢ়া-শুনা কৰা হ’লে ক্লাচ নাইন-টেন মানত হে হ’ল হেতেন কিজানি (সুধিছিলো বোলো স্কুল নাযাঅ কিয় ? বোলে বাপ নাই, মা ঘৰত, গতিকে আমি কাম কৰো) । কিন্তু আচৰিত মানিলো সিহতৰ বাকপটুতাত । তবধ মানিলো দুইজনৰে দৰ-দাম কৰাৰ পাণ্ডিতালি দেখি । চাকৰিৰ খাটিৰত আমাকো “নিগ’চিয়েচন স্কিল”ৰ বাবে যি ব্যৱহাৰিক শিক্ষা দিয়া হৈছিল তাৰ যেন আখৰে আখৰে পালন কৰিছে । যেনে লাহে লাহে দাম বঢ়োৱা বা কমোৱা ইত্যাদি ।

প্ৰথমে ১০ টকা কৈ হে কিনে প্ৰতি কে.জি. পেপাৰ । আমি নিদিও বুলি কোৱাত গুচি গ’ল গৈ । অলপ সময় পাছত আকৌ জপনাৰ সিপাৰৰ পৰা চিঞৰিচে গৈ “দাদা ১১ টকা দিবি কি” । আমিও নাচোৰবান্দা । ১২ টকাত হে দিম । তাৰ পাছত ১১.৫০ লৈ আহিল । শেষত বোলে পেপাৰ ১২ “টাকা”ত দিম কিন্তু লোহা ২৫ “টাকা” নহ’ব, ২০ টকা । আমি বোলো “নহ’ব” । গ’লগৈ আকৌ । অলপ পিছত আকৌ আহিল । বোলে হ’ব দিয়ক, আপোনালোকে কোৱাৰ দৰেই দিম , লোহা ২৫ টকা আৰু পুৰণা পেপাৰ ১২ টকা । আমিও একদম ৰণত জিকা ৰণুৱাৰ দৰে গৈ পেপাৰ-লোহা য’ত যি আছে সকলো বিলাক উলিয়াই আনিলোগৈ ।
ইমান খিনি লৈকে আচলতে সিঁহতে খেল খেলাই নাচিল আৰু আমি ভাবিলো যে আমি বিজয়ী হৈ গ’লো । এতিয়া সিহঁতে লাহে লাহে পেপাৰৰ মাজৰ পৰা সম্ভাৰ বা তেনেকুৱা পৰিপুৰিকা বিলাক আতৰাই মাত্ৰ পেপাৰ খিনি জুখিবলৈ ধৰিলে । এক পাল্লাত তিনি কে.জি. কৈ । দুই পাল্লা জুখিলে । মোৰ সন্দেহ হ’ল । সেই ল’ৰাটোৱে দুই বাৰেই যিমান পেপাৰ দিয়ে সঠিকভাৱে পাল্লাৰ কাটা থিয়, মানে সঠিক জোখত দিয়ে । কোনো হেৰ-ফেৰ নাই । ই কেনেকৈ সম্ভৱ !! যিমান অভিজ্ঞ নহ’লেও অলপটো হেৰ-ফেৰ হ’বই । তাক ক’লো আমি পাল্লা পৰীক্ষণ কৰিম । তৎক্ষণাত সম্পূৰ্ণ আত্ম বিশ্বাসেৰে দেখুৱালো । আমিও চালো, ঠিকেইটো আছে । গতিকে জুখিব দিলো । মুঠতে পেপাৰ ১৩ কে.জি. ওলাল ।

এইবাৰ আহিল লোহা জোখাৰ পাল । লোহা যিহেতু অলপ বেচি আছিল গতিকে সিহতে সোনকালে হ’বলৈ ইটা এটা “দগা” হিচাপে ব্যৱহাৰ কৰি ৫ কেজি যাতে একেবাৰতে জুখিব পাৰি তৰ ব্যৱস্থা কৰিলে । আকৌ সন্দেহ হ’ল । ইমান ডাঙৰ এটুকুৰা ইটা দুই কেজিহে হ’ল নে !! ই কথাই কথা নহয় সন্দেহ হৈছেই যেতিয়া দুৰ কৰিব লাগিল । নিজৰ ঘৰৰ পাল্লাখন আনি সেই একেই দুইটা এক কে.জি.ৰ “দগা” এফালে দি আকৌ ইটাটুকুৰা জুখিলো । এই চকু কপালৰো ওপৰ পালেগৈ । ইটাৰ ফালে থকা পাল্লাখন গৈ “ধাম”কৈ মাটিত লাগি গ’ল যিটো সিহতৰ পাল্লাত জোখোতে সঠিক দুই কে.জি. আছিল !!!

এইবাৰ সিহঁতক চুই কিলাবলৈ হে বাকী । আকৌ প্ৰথমৰ পৰা জোখালো পেপাৰ । এইবাৰ তেৰ কে.জি.ৰ পেপাৰ ১৮.৫ কে.জি. ওলাল । তবধ মানিলো সেই অকণমানি ল’ৰা দুটাই তেতিয়াও যি আত্মবিশ্বাসেৰে নিজৰ নিৰ্দোষিতা প্ৰমাণৰ বাবে কথা কৈ আছিল !! বেলেগৰ ঘৰত, সিহততকৈ বয়সত বহুগুণে ডাঙৰ চাৰি-পাচজন মানুহক মূৰ্খ সজাই গুচি গৈচিলেই । কিবাকৈ মূৰ্খ নাসাজিলো ।

আপোন মনে কৈ থাকিলো “ বোলো তহঁতে যে এদিন অসম বেছি খাবি , সেয়া ধূৰুপ”

No comments: