২০ জুনত বিষ্ণুৰাভা আহিব..




ভালপোৱাবোৰ য’ৰ পৰা আৰম্ভ হৈছে,
কবিতাৰ য’ত ফুলনি আছে,
সংগীত য’ত ৰ’দ হৈ নামিছে,
সেইখিনি লৈকে বিশ জুনত বিষ্ণুৰাভা আহিব ।
এইপাৰৰ ভয়াবহতালৈ তেখেত আহে নে নাহে নেজানো,
তথাপি আমি যাম তেখেতক তাৰ পৰা আগবঢ়াই আনিবলৈ..।
তেখেতে আদৰ্শৰ চোলাৰে ঢাকি থোৱা
সত্যৰ শৰীৰটো এপাক চুই চাম,
অনৈক্যৰ বাটেদি আহোতে
তেখেতৰ নৈক্যৰ কেশত
যাতে হিংসাৰ ধুলি নপৰে
তাৰ বাবে পাৰিলে এখন শান্তিৰ আলোৱান লৈ যাম
আৰু পাশ্চাত্যৰ হেচাত মৃত্যুৰ ক্ষণগণা
লোক সংস্কৃতিৰ শিশুটোক তেখেতৰ উশাহ সানি
জীয়াই তোলাৰ চেষ্টা চলাম...।
বিশ জুনত ৰাতিপুৱাই বিষ্ণুৰাভা আহিব,
এদিনৰ বাবে তেওঁ আমাৰ লগতে থাকিব,
তেওঁক ক’ম-
সন্ত্রাসে ধৰ্ষণ কৰা সপোনবোৰৰ কথা,
বৰ্বৰতাত মাতাল হোৱা সাংস্কৃতিক সন্ধ্যা বোৰৰ কথা,
মিছা প্রতিশ্রুতিয়ে উটুৱাই নিয়া গাওঁবোৰৰ কথা,
সুখৰ সপোন এটাৰ দুৰাশাত
জীয়াই থকা অসমীয়া খিনিৰ কথা,
আৰু এজন বিষ্ণুৰাভাক বৰকৈ প্রয়োজন হোৱাৰ কথা....।।
বিশ জুনত ৰাতিপুৱা এন্ধাৰবোৰ আতৰাৰ পৰত
পাৰিলে আপুনিও ওলাব,
তেখেতক চিনি নেপালেও
আপোনাৰ উদাত্ত কণ্ঠেৰে
"লগন উকলি গ’ল" কে গাব.....!!!!


No comments: