যোৱকালি হঠাৎ মন হ'ল চিনেমা চোৱাৰ... গ'লো ওচৰৰে ভাইটি এজনক লগত লৈ... "ৰাউডি ৰাথোৰ" চাবলৈ.. চিনেমা খনৰ বিষয়ে ক'বলৈ হ'লে..এককথাত "full entertainment" চিনেমা । "typical south indian" চিনেমাৰ দৰে নৃত্যসজ্জা... বিৰাট সুন্দৰ পৰিচালনা... কিছু পৰিমানে কাহিনীক ঘটনা বহুল কৰি তোলা হৈছে.."শক্তিশালী" নহ'লেও "দুৰ্ব্বল" কাহিনী নহয়.. এককথাত ভাল পালো চাই... যদিও শেষৰ ফালে অলপ ভাল হোৱাৰ থল আছিল চাগে... 
যিকি নহওক চিনেমা চাই ৰাস্তাৰ কাষৰ দোকান এখনত ৰৈ চেন্নাইৰ স্পেচিয়েল "ভাজ্জি" আৰু একাপ "স্ট্রং টি" নেখালে মোৰ গোটেই যাত্রাটো কিবা আধাৰুৱা যেন লাগি থাকে.. সেইয়ে কাষৰ দোকান এখনত চাহ খাই দুয়ো ঘৰলে উভটিছো.. বাটে বাটে চিনেমাখনৰে ভাল লগা কিছু অংশৰ বিষয়ে আলোচনা....তেনেতে বাটৰ এটা "ট্রেফিক চিগনেল" ৰ ৰঙা লাইটত বাইক ৰখালো... হঠাৎ পুলিচ এজন ওলাই কিবা বুজাৰ আগতেই বাইকৰ চাবিটো খুলি লৈ বাইকখন ৰাস্তাৰ কাষলৈ আনিবলৈ ক'লে... গ'লো তেখেতৰ পাছে পাছে... আমাক জনালে যে সিহঁতৰ ৱাকীটকীত খবৰ আহিছে যে কোনোবা এখন য়ামাহা বাইক "ড্রিংক & ড্রাইভ"ত আছে আৰু সেইখন ধৰিব বিচা}ই আচে.. মই বোলো এই সন্ধ্যাতে ড্রিংক..! তাক ক'লো বোলো ঠিক আছে, পৰীক্ষা কৰি চা আমাক.. চালে.. ৰিজাল্ট নিগেটিভ.. তাৰ পাছত লাইচেঞ্চ বিচাৰিলে..দিলো... ইঞ্চিওৰেঞ্চ..হেলমেট পিন্ধা চব ঠিক আচে.. পুলিচে ভাবিব ধৰিলে অলপ সময়... হঠাৎ সুধলে "এন.অ.চি" কত( মোৰ বাইকখন "বাংগালোৰ" ৰেজিচ্ট্রেচন" আছিল)... ক'লো যে আছে কিন্তু লগত নাই.. পাই গ'ল চেলু.. ২৫০০ ফাইন.. 
কি কৰা যায় এতিয়া.. আৰম্ভ কৰিলো মোৰ স্টাইল ১০০ টকাৰ পৰা.. নাই নেমানে.. ১৫০০ লৈ নামিল.. মই ১৫০...সি কয় এ.টি.ম. গৈ লৈ আন.. মই বোলো এটকাও নাই.. ৭ তাৰিখৈ দৰমহা হয়..:P মই বুজি পালো যে ইয়াক আজি শনিবাৰ উদযাপন কৰাৰ বাবে 'দনেটৰ" লাগে .. তেনেতে লগৰ টোৱে হঠাৎ ক'লে মোক অসমীয়াত যে কাৰোবাক কৈ লৈ আহিব কওক.. পুলিচ জনে মোক সুধিলে মোক কি কৈছে সি ? মই কলো যে সি ঘৰ গৈ কাগজ খন লৈ আহো বুলিছে... পুলিছৰ তাতে মুখ শুকাই গ'ল.. ভাবিলে চাগে সেইখন আহিলে এই ১৫০ তোও যাব..লগে লগে সি যি আছে তাতে মান্তি হৈ গ'ল.. ২০০ টকা দি কাম খতম.. বাইকত উঠিয়ে লগৰটোৱে ক'লে... "চৰি আন্না জী"... 
ইয়াৰ পৰা বাকী গোটেই যাত্রাটো গালি দি আহিলো....অসমীয়া, তামিল চবতে....

No comments: