ছেকেন্ড হেন্দ্ চকী



আখৰৰ ঊলেৰে গুঠিব খুজিছো,
ভাৱনাৰ মাৰিৰে জোখ লৈ
হৃদয়ক উপহাৰ দিব পৰা
এটি উমাল চুৱেটাৰ...।

অভিমানত উপচি থকা
কেউখন চকীয়ে মোলৈকে চাই আছে
আৰু ইতিকিং কৰি হাঁহিচে
মোৰ নপুংসক মগজুৰ অক্ষমতাক ।

আচলতে সিহঁতৰ খং,
নতুনকৈ ঘৰটোত থিতাপি লোৱা
এখন পুৰণি চকীৰ ওপৰত ,
সিহঁতৰ অভিযোগ
“আৰামদায়কতাৰ দুৰ্বলতাত”
মই স্বাৰ্থপৰ হৈ উঠিছো
আৰু সিহঁতৰ বাউসীত হাত থৈ
নেদেখা হৈছো কোনো অলৌকিক সপোন,
নভগোৱা হৈছো অনুভৱ আৰু অভিমান..।

নতুনকৈ ঘৰটোত থিতাপি লোৱা
পুৰণি চকীখনৰ বাঁউসীত হাত থৈ
তথাপি গুঠিব খুজিছো
ভাৱনাৰ মাৰিৰে জোখ লৈ
হৃদয়ক উপহাৰ দিব পৰা
এটি উমাল চুৱেটাৰ...।

No comments: