বাংগালোৰৰ পৰা
চেন্নাই অভিমুখী বাছখনৰ
ময়ো আছিলো এজন মৌন
পথিক,
যাত্ৰা পথত আহি
থাকোতে
এন্ধাৰ অলপক থাওকতে
লগ পালো,
মই এন্ধাৰ খিনিক
সুধিলো-
“কেনে আছা?”
এন্ধাৰ খিনিয়ে
বিষাদগ্ৰস্ততাৰে ক’লে-
“অসুখ বোৰক আলহি
কৰি ৰাখিছো”
মই সুধিলো- “কিয়?”
এন্ধাৰজাকে হুমুনিয়াহ
কাঢ়িলে,
আৰু শীত-তাপ
নিয়ন্ত্ৰিত গাড়ীখনৰ কাষে কাষে
ওলমি আহি থাকিল
এন্ধাৰ খিনি...।
মোৰ চুই চাব মন গ’ল
এন্ধাৰখিনিক...
খিৰিকী কাষৰ আইনা
খনে বাধা দিলে,
আইনাত পৰা টোকৰটো
আন্ধাৰখিনিয়ে
শুনিলে চাগে,
মোলৈ ঘূৰি
চালে.....;
ঠিক তেনেতে বিপৰীত
দিশৰ পৰা
হেল’জেন কেইটামান
দৌৰি আহিল
অন্য এখন গাড়ীৰ
সন্মুখত ওলমি,
আৰু এন্ধাৰখিনি দৌৰ
মাৰিল
নিমিষতে,
ইফালে-সিফালে চালো,
ষ্টীট্ লাইটৰ পোহৰত
জীৰ্ণ খেৰী ঘৰ
দুটামান জিলিকি
উঠিল,
এন্ধাৰখিনিক কাষত
নেদেখি
মই আকৌ মৌনতাত
মনোনিৱেশ কৰিলো....।
টীইইইইইইইইইইইইইইইইইট.....!
সন্মুখত আৰম্ভ হৈ
পিছৰফালে শেষ হৈ
গ’ল এটা শব্দ,
আইনাৰ মাজেদি ঘূৰি
চালো,
দেখিলো এন্ধাৰখিনি
আকৌ
খিৰিকীৰ কাষত ওলমি
আহি আছে...।
সুধিলো-
“চহৰত তুমি কিয়
নেথাকা?”
একেই বিষাদ
গ্ৰস্ততাৰে ক’লে-
“পোহৰে অধিগ্ৰহন
কৰিলে চহৰবোৰ,
দিনত সূৰুযেৰে
আৰু নিশা
অত্যাধুনিকতাৰে..”
মৌন হৈ দুয়ো আহি
থাকিলো....।
No comments:
Post a Comment