সময় আৰু সোঁৱৰণীৰ গুজবত
গৰ্ভৱতী হোৱা এটি নিশাই,
কালি মাজনিশা এটা খবৰৰ প্রসৱ কৰিলে ।
আহিনৰ চুৰিয়াৰে মেৰিয়াই,
নিয়ৰৰ ফুল দি ধাকি থোৱা এটি খবৰ ।
বগুৱা বাই বাই সি
আলিমুৰৰ দলংৰ কাষৰ
চাহৰ আড্ডাটো পাৰ হৈ
মোৰ চুবুৰী পোৱালৈ
মাক “নিশা”ৰ মৃত্য হ’ল ।
বাটৰুৱাৰ জোলোঙাত ওলমি ওলমি
যেতিয়া দিনৰ পোহৰত খবৰটো ঘুৰি ফুৰিছিল,
বহুতৰ ঘৰৰ পদুলিমুখ সৰৱহৈ পৰিছিল
নিশাই জন্ম দি থৈ যোৱা এটি খবৰৰ বৰ্ণনাৰে ।
কৰ্মৰ আলিংগনে নিস্ক্রিয় কৰা
এটা বিকলাংগ মনেৰে
মই তেতিয়াও শেতেলীত সজাই থৈছিলো
মোৰ দেহ ।
পদুলিৰ কিৰিলিত সাৰ পাই উঠা
হেপাহৰ উচটনিত ,
ময়ো গ’লো চাবলৈ নৱজাত
এটি খবৰ ।
খবৰটো হয়তো মোৰ বাবেই বগুৱা বাই আহিছিল,
সোৱঁৰণী আৰু সময়ৰ গুজবে জন্ম দিয়া এটি খবৰ,
এজন প্রেমিক “নি:সংগ” হোৱাৰ খবৰ ।।
No comments:
Post a Comment