তোমাৰ বাবে আৰু মই কবিতা নিলিখো....

“তোমাৰ বাবে আৰু মই কবিতা নিলিখো,
হৃদয় চোতালত তোমাৰ স্মৃতি
আৰু কেতিয়াও নেমেলো,
তোমালৈ মনত পৰিলেও
তোমাৰ ছবি চাই নয়ন সিক্ত নকৰো....।”
প্রতিশ্রুত এটি আশ্বাস,
এন্ধাৰ নিশা জোনাকীয়ে দিয়া 
পোহৰৰ প্রস্তাৱ ।

জোনাকৰ কথা ক’লে তুমি কিয় হৈ ৰোৱা সূৰুয?
সূৰুযৰ কথা ক’লে তুমি হৈ পৰা আহিন,
আহিনৰ কথা ক’লে তুমি কোৱা
প্রেম তোমাৰ শেৱালী,
আৰু প্রেমৰ কথা ক’লে ?
প্রেমৰ কথা ক’লে তুমি কোৱা
হৃদয় তোমাৰ ঠিকনা বিহীন...।
সেয়ে তোমাৰ বাবে আৰু মই 
আৰু কেতিয়াও কবিতা নিলিখো......।

পাছে সময়ৰ হেন্দালিত বগোৱা স্মৃতিৰ ভৰত
বিৱশ হৈ পৰো লাহে লাহে,
আকৌ লিখিবলৈ ধৰো কবিতা
তোমাৰ বাবে ।

সোৱঁৰণী হৈ ৰৈ থাকা তুমি,
কলিজাৰ কাষৰ তেজখিনিত,
তোমাৰ মাথো কেইখনমান ছবিৰে
কিমানদিন গুচাম তোমাৰ স্মৃতিত বাঢ়িব ধৰা
মোৰ মিলনৰ ভোক ?
এদিনৰ বাবে গুচি আহা তুমি,
জীৱন মোনাত ভৰাই ল’ম 
মিঠা সোৱঁৰণী,
আকৌ জীয়াই থকাৰ 
নতুন সপোন আকি আকি....।

No comments: