আপুনি
মোৰ প্রেমিকা হ’ব পাৰিব নেকি ?
মহানগৰৰ
এটা বৃদ্ধ কোঠালিত মই থাকো,
ৰ’দ আৰু
বতাহক ইয়াত মই এৰাল দি ৰাখো,
নিশা
সংগীত মোৰ কোঠাত চাকি হৈ জ্বলে,
আৰু
এন্ধাৰত খেপিয়ালে
কবিতাই
“কোন কোন” বুলি চিঞৰি উঠে ।
আপোনাৰ
যদি আছে সেউজীয়াৰ ভোক
মোৰ লগত
আপুনি আহিব পাৰে,
পিছে
জানি থ’ব-
মোৰ
হৃদয়ৰ চৌহদত
‘অৱদমনীয়তা’ৰ
ফুল কেতিয়াও নুফুলে ।
কেতিয়াবা
অৱশ্যে নিষ্ঠুৰতাৰ বৰষুণ
দয়াৰ
চালৰ চিদ্র ভেদি
আমাৰ
কোঠালিত বিৰিঙিব পাৰে,
আপুনি
অৱশ্যে বিশ্বাস আৰু মৰমৰ মিশ্রণেৰে
চিদ্রবোৰ
বন্ধ কৰিও পেলাব পাৰে ।
মই দুখৰ
ৰং ভাল নেপাও,
স্বার্থপৰতাৰ
গোন্ধক
আপুনি
মোৰ উশাহ সজাব খুজিলে
অসন্তুষ্টিৰ
হাতোৰাই
মোক
চেপি ধৰি মাৰিব খোজে...।
কথাখিনি
আপুনি বুজিছেনে ..........!!!!
No comments:
Post a Comment