মই আপোনাৰ প্ৰেমত
পৰিব খুজিছো,
আপোনাৰ টনা টনা
চকু,
আঁউসীৰ নিশাৰ দৰে
চুলি,
দুচকুৰ গাঢ় কাজল,
পাহাৰ এটাৰ হেলনীয়া
খিনিৰ দৰে ভ্ৰু
এই সকলোৰে প্ৰেমত
পৰিব খুজিছো মই ।
যদি আছে কিবা
চৰ্ত্ত,
নি:সংকোচে ব্যক্ত
কৰিব পাৰে
কোনোবাখন জোনাকে
উমলি থকা
দুবৰীৰ বাগিছাত
বহি...।
আপোনাৰ ধুনীয়াখিনি
বৈ আহি আহি
মোৰ সপোনৰ চহৰ
চুইছেহি,
আপোনাৰ চুলিৰ
অন্ধকাৰে গহীন কৰি পেলাইছে
মোৰ হৃদয় চুবুৰীৰ
প্ৰতিটো আলিবাট,
আৰু আপুনি ওঁঠত
ওলোমাই লৈ ফুৰা
সেই হাহিৰ কলিতোৱে
অপহৰণ কৰিছে মোৰ
উন্মাদ জীৱনৰ
বহুতো
আৰ্ত্তনাদ....।
ৰঙা পিন্ধি আপুনি
মোৰ ওচৰলৈ নাহিব,
ওফন্দি উঠিব খোজে
কজলা কলিজা বেৱি ধৌ
খেলি ঠকা
এপোৱা তেজ...।
আপোনাৰ প্ৰেমত পৰিব
খুজিছো মই,
যদি বন্ধ্যা অথবা
নপুংসক নহয়
আমাৰ অনুভুতিৰ
প্ৰত্যকটো কনিকা,
আমাৰ প্ৰেমৰ
প্ৰশংসাৰে উপচি পৰক
এইবাৰ বহাগৰ
প্ৰতিটো আলিবাট আৰু
প্ৰতিখন বিহুতলী....।
No comments:
Post a Comment