"
ভূপেন দাৰ মৃত্যুৰ পাছত এইবাৰ প্রথমবাৰ ঘৰ গ'লো...। এয়াৰপৰ্টৰ পৰা অহা বাটতে পালো সমাধিক্ষেত্র । কিয়বা ভাল নেলাগিল সমাধিক্ষেত্রৰ পৰিৱেশটো । হয়তো মই মনতে বেছি ভাল কৈ ৰাখিছে বুলি ভাবি থকা বাবে তেনে লাগিল । ঘুৰি যাওঁতেও জালুকবাৰীৰ পৰা এয়াৰপৰ্টলৈ ৰাস্তাটোত সেই কথাটোৱে খেলাই থাকিল. । এখন টিংৰ চালিত হে যেন থৈ দিয়া হৈছে এটা জাতিৰ ৰক্ষকক । জালুকবৰীৰ পৰা ভাড়া কৰি নিয়া কাৰ খনত গোটেই ৰাস্তাটো ভূপেনদাৰ গীত বজাই গৈছিল । ভাৱ হৈছিল মনত, এইদৰেই যদি গোটেই জালুকবাৰী খন ২৪ ঘন্টাই ভূপেন দাৰ গীত বজাই থকাৰ ব্যৱস্থা কৰিব পৰা হ'ল হয় । মৃদুস্বৰত, য'ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ হৈছে তাত আৰম্ভ কৰি ভূপেন দাৰ সমাধিক্ষেত্র লৈকে গোটেই ৰাস্তাটো ভূপেনদাৰ গীত বাজি থাকিব । কাৰণ সেইখিনি ঠাইত "ভূপেন হাজৰিকা" থাকে । মৃত্যুৰ পাছতো তেওঁ গীত শুনাই সকিয়াই থাকিব অসমীয়া জাতিটোক, অসমৰ বাহিৰৰ কোনো আহিলে গম পাই যাব এয়াৰপৰ্টৰ পৰা আহোতেই, তাত ভূপেনদা থাকে...!!
"
No comments:
Post a Comment