দুচকুত তোমাৰ


দুচকুত তোমাৰ
সৌ ঘন ক'লা কাজলে
ওঠৰে তোমাৰ
জোনাক ৰঙী হাহিয়ে
কাঢ়ি লৈ গুচি গ'ল
বহু শোক জীৱনৰে


আপোনাৰ ধুনীয়াখিনি বৈ আহি আহি
মোৰ সপোনৰ চহৰ চুইছেহি,
আপোনাৰ চুলিৰ অন্ধকাৰে গহীন কৰি পেলাইছে
মোৰ হৃদয় চুবুৰীৰ প্ৰতিটো আলিবাট,
আৰু আপুনি ওঁঠত ওলোমাই লৈ ফুৰা
সেই হাহিৰ কলিতোৱে
অপহৰণ কৰিছে মোৰ উন্মাদ জীৱনৰ
বহুতো আৰ্ত্তনাদ....।

সময়ৰ হেন্দালিত স্মৃতি বোৰ বগালে
তোমাৰ অনুভৱত সন্ধ্যা নামিলে
এন্ধাৰো জোনাক হৈ পৰে নজকাকে
মিলনৰ ভোক বাঢ়ে....।

No comments: