এটা কেচা বাঁহীৰ সুৰ হৈ ভাহি থাকে
তোমাৰ অনুভৱবোৰ,
এখন ভায়লিনৰ মিঠা কপঁনি হৈ
কাষ চাপি আহে
তোমাৰ অনুভৱবোৰ,
বিপন্ন কৰি তোলে সময়,
তোমাৰ অনুভৱ বোৰে,
তোমাৰ অনুভৱ বোৰে,
আৰ্দ্ৰ মন , জীপাল উৎকণ্ঠা,
চেপি ধৰাৰ হাবিয়াস কৰো
সময়ৰ এখন কোবাল নদীৰ
বিস্তীৰ্ণতাক,
যাৰএইপাৰে মই
আৰু সিপাৰে তুমি ।।।।
তথাপি তোমাৰ ৰূপৰ সুগন্ধিয়ে
বলিয়া কৰি থৈ যায়হি,
মোৰ হৃদয় চুবুৰীৰ
প্ৰতিজন অনুভৱী বাসিন্দাক,
তোমাৰ সুন্দৰতাৰ পোহৰত
উদ্ভাসিত হৈ পৰে
মোৰ মন পদুলিৰ কেচাঁ আলিবাটতি..।
কেতিয়াবা তোমাৰ অনুভৱবোৰ
বোৱঁতী নদী এখনৰ দৰে যেন লাগে,
অহৰ্ণিসে কাষেৰে বৈ থাকে,
মন গ'লেই ডুবি থাকিব পাৰি...।
এখন ভায়লিনৰ মিঠা কপঁনি হৈ
কাষ চাপি আহে
তোমাৰ অনুভৱবোৰ,
No comments:
Post a Comment