তুমি সুখীনে..!

শিৰীশ গছৰ তলৰ পৰা 
বেলিটোৱে চাই থকাৰ পৰত
তুমি সুগন্ধিত কৰি থৈ গৈছিলা
মই গৈ থকা আলিবাটতো.......

মই চলাই গৈ থকা চাইকেল খনৰ শব্দৰ ছন্দলৈ
বিলম্বতা নামি আহিছিল,
নিশাৰ শেষত প্ৰভাত অহাৰ দৰে....

তোমাক সুধিবলৈ মন যায় কেতিয়াবা-
"কিহৰ সুখত তুমি ইমান ৰাংধালী?
কিহৰ মোহত তুমি ইমান বাউলী?"

মই নাঙঠ জুৰিৰ শৰীৰ দেখিছো
কিন্তু নাইচোন ইমান চঞ্চলতা......!
তুমি সেউজীয়াৰ দেশৰ পৰা আহিছা নেকি ?
তোমাৰ দেহত কি হয় নেকি
প্ৰতি নিশাই লুইতৰ পাৰৰ খহনীয়া ?

সুধিবলৈ মন যায় তোমাক
"লুকুৱাই থৈছানে
হৃদয়ৰ গোপন খিনিত
হাহাকাৰ কৰি থকা অক্কণমান দুখ
যাতে তুমি আহৰি পালে
এটা অতীত বিচাৰি পোৱা.."

অসুখী মানুহৰ কি যে বিড়ম্বনা
সুখী মানু্হ দেখিলেও ভাৱ হয়
যেন
"তেওঁ সুখৰ বাবে দুখহে প্ৰকাশ কৰে !!!!!!"

No comments: