শৰতলৈ


চোতালত তলসৰা শেৱালী
আজি বুধবাৰ নেকি !
তই দেখোন আজিও নাহিলি ।
যোৱাবেলি আহোতে দি যোৱা কথাবোৰ

সমূদায় পাহৰি পেলালি ।
তই কৈছিলি
শেৱালী ফুলাৰ দিনাই তই  আহিবি
মোৰ চোতাৰ দূবৰিত সৌৱা
ভৰি ভৰি শেৱালী
নিয়ৰ বগাই ফুৰিছে সিহঁতৰ কোমল চুপহিত
তই কিয় নাহিলি !
আজিকালি লুইতখনে আমাক ভাল নোপোৱা হ'ল
তই আহিলে এদিন লুইতৰ পাৰত বহিম
আৰু বুজুৱাৰ চেষ্টা কৰিম লুইতক ।
আমাৰ পাছফালৰ মাটিডৰাত
লুইতে নতুনকৈ ঘৰ সাজিলে
পিতায়ে সেইফালে যাবলৈ নিদিয়ে..।
তই কেতিয়া আহিবিনো ?
শেৱালী ফুলি ফুলি ভাগৰিবৰে হ'ল ।


নামঘৰৰ ওচৰৰ চাৰিআলিটোও
সন্ত্রাস আৰু শান্তিৰ সমদল কঢ়িয়াই
অকালতে বৃদ্ধ হৈ গ'ল ।
নামঘৰৰ বাকৰিতে নতুনকৈ ঘৰ দুটাই হ'ল
এটা গাওঁ ৰক্ষকৰ
বন্দুকবোৰে ঝনঝনাই থাকে তাত,
আনটো সমাজ শিক্ষাৰ
সন্ত্রাস আৰু শান্তিৰ সমদল বোৰে

জিৰাইহি আহি তাত ।
তই নজনা কৈয়ে কিমান কি যে হৈ গ'ল !

পিতাইয়ে কৈছিল
জোন আৰু বেলিৰ গতিৰেহে হেনো 

তই আহিব পাৰ
তথাপি তোক অনুৰোধ কৰিছো....
"মৰমৰ শৰত

শেৱালী আৰু নিয়ৰ গছকি আহি
সোনকালে আমাক সাৱটি ধৰহি,
ভয়াৱহতা আৰু অনৈতিকতা বোৰ
নিয়ৰৰ টোপালেৰে ধুই নেহি,
আকুলতাৰে ৰৈ আছো আমি.........!"

©Indukalpa Copyrite protected

No comments: