নীলা নীলা নীলা
অপৰাজিতা বৰণীয়া আপোনাৰ
আচঁলৰ কঁপনিয়ে
খহাই থৈ গুচি গৈছিল
নীল ৰঙী আকাশৰ
সকলোবোৰ দাম্ভিকতা ।
ধূলিৰ বতাহে
সোৱঁৰাই আছিল মোক
ফাগুণৰ ইতিহাস
আৰু বেলিৰ পোহৰৰ
শিথিলতাৰ পাছত
চঞ্চল হৈ উঠিছিল তেতিয়া
গৰ্ভৱতী হ'ব খোজা এজাক
শুকান জোনাক ।
আপুনি সন্ধিয়াৰ
জোনাকবোৰ গৰকি
ক’লৈ গৈ আছিল সেইদিনা?
মই দেখিছিলো আপোনাক
কোবা-কোবিকৈ, হাতত
এটা সৰু মোনা লৈ
আপুনি গৈ আছিল....
বতাহজাক ব্যস্ত হৈ
পৰিছিল
ফাগুণৰ ধুলিবোৰ আপোনাৰ
গাৰ
কাষৰ পৰা আতৰাই
নিয়াত
আৰু উৎপতীয়া
জোনাকজাক মগ্ন হৈ আছিল
আপুনি গৈ থকা পথটো
পোহৰ কৰাত ।
আপুনি ধুনীয়া
হোৱাৰ বাবেই চাগে
চহৰৰ সকলোবোৰ
সৌন্দৰ্য্য
সেইদিনা ম্লান হৈ
পৰিছিল,
জোনাকত জিলিকা আপোনাৰ
পিঠিৰ ঘামবোৰ
মুকুতাৰ টুকৰা হৈ
জ্বলিছিল
আৰু ধুলিবোৰে লোভ
লগাকৈ চাই আছিল ।
আজি ফাগুণ আৰু আজি
জোনাক ।
আপোনাৰ হালধীয়া আঁচলৰ
সোনাৰুবুলীয়া আভাসে
এতিয়াও ব্যস্ত
কৰেনে
স্ফতিকাকাৰ
আৱৰণেৰে
ৰাজপথত কিলবিলাই
থকা
কোনোবাতো হৃদয়ৰ আৱাস !!
©Indukalpa Copyrite protected
No comments:
Post a Comment