আহিন নানামে তুমি
নাহিলে....
সোণাৰুবুলিয়া খোজেৰে
তুমি ববছা গছকি আহিলে
মোৰ মন পথাৰখন চঞ্চল হৈ
পৰে
যেন বতৰৰ অজানিতেই
আহিনহে নামিব খোজে ।
সজল মেঘৰ আচলেৰে ঢাকি
থোৱা
তোমাৰ বুকুৰ উপত্যকাত
যদি কেতিয়াবা
মৰমৰ অনাবৃষ্টি হয়,
আহিবা মোৰ হৃদয় পুখুৰীৰ
পানীৰে
জুৰ পেলাবলৈ সমষ্ট
উন্মেষা ।
বহুদিন আগতেই মই
হৃদয়ৰ একথা মাটিত
এটা সৰু পুখুৰী
খন্দাইছিলো,
যৌৱনৰ বাৰিষাত হোৱা মৰমৰ
বৃষ্টিৰে
সদায় ভৰি থাকে পুখুৰীতো,
আহিবা কেতিয়াবা
প্ৰতাৰণাৰ তৃষাত বুৰ গ’লে
মৰমৰ পানী পি বিশ্বাসৰ
নিজৰা বোৱাবলৈ ।
যদি নাজানা মোৰ ঠিকনা,
ৰৈ থকা বাটৰ গছ বোৰক
সুধিবা
এন্ধাৰ ৰাতিৰ জোনাকী
বোৰক সুধিবা
বনগীতৰ সুৰত বিচাৰিবা
উকা উদং বিহু পথাৰত
সেউজ অলপ আহিব আহিব
বুলি ৰৈ থকা
ধুলীয়া-নাচনী হালক
সুধিবা,
সিহঁতে তোমাক ঠিকেই লৈ
আহিব
মোৰ পজাঁলৈ,
আহিন নমাবলৈ....,
তোমাক প্ৰত্যয় নিয়াব
পৰাকৈ শীতল
মোৰ মৰমৰ নিজৰালৈ...।
আহিবানে তুমি....!!!
@Indukalpa copyright protected
No comments:
Post a Comment